কংগ্ৰেছ দলৰ জব গেৰাণ্টি কাৰ্যসূচী

পঞ্জীয়ন পত্ৰ

সঠিক ফোন নম্বৰৰ সৈতে প্ৰতিটো খালী ঠাইত সঠিক তথ্য পূৰণ কৰক

0 of 150 max words.

182587

এতিয়ালৈকে দিয়া
চাকৰিৰ গেৰাণ্টি

কংগ্ৰেছ দলৰ জব গেৰাণ্টি কাৰ্যসূচীত পঞ্জীয়ন কৰক

পঞ্জীয়ন কৰিবলৈ
1

পঞ্জীয়ন কৰিবলৈ

পঞ্জীয়ন কৰিবলৈ প্ৰ-পত্ৰখনত সঠিক তথ্য পূৰণ কৰক আৰু ‘চাবমিট’ বুটাম ক্লিক কৰক

আপুনি লাভ কৰিব
2

আপুনি লাভ কৰিব

আপুনি পঞ্জীয়ন/ইমেইল নম্বৰৰ সৈতে এটা মেছেজ পাব (কেইটামান ছেকেণ্ডৰ সময় ল’ব পাৰে)

লাভ কৰাৰ পাছত
3

লাভ কৰাৰ পাছত

আপুনি পঞ্জীয়ন কৰা নম্বৰ প্ৰাপ্ত হোৱাৰ পাছত ‘কংগ্ৰেছ দলৰ জব গেৰাণ্টি কাৰ্যসূচী’। আপোনাৰ পঞ্জীয়ন নম্বৰ সংৰক্ষণ কৰি ৰাখক।

আমাৰ গেৰাণ্টি
4

আমাৰ গেৰাণ্টি

আমি ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি দিছো আৰু শাসনলৈ অহাৰ পাছত অগ্ৰাধিকাৰ ভিত্তিত স্থান দিয়া হ’ব।

সঘনাই সোধা প্ৰশ্নবোৰ (FAQs)

যদি এই চাকৰি পঞ্জীয়ন কাৰ্যসূচীত আপুনি নিজৰ নাম পঞ্জীভুক্ত কৰে, তেন্তে কংগ্ৰেছ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত আপোনাক এটা চাকৰিৰ যোগাৰ কৰি দিবলৈ গেৰাণ্টি দিব। কেইসপ্তাহমানৰ ভিতৰতে অসমত এখন কংগ্ৰেছ-নেতৃত্বাধীন মহাজোঁট চৰকাৰে শাসনভাৰ ল’ব। কংগ্ৰেছে গেৰাণ্টি দিছে যে ই প্ৰতি বছৰে এক লাখ চৰকাৰী চাকৰিৰ সৃষ্টি কৰিব, যাৰ অৰ্থ হ’ল পাঁচ বছৰত পাঁচ লাখ চাকৰি। লগতে, কংগ্ৰেছ দলে পাঁচ বছৰত ব্যক্তিগত খণ্ডত পঁচিশ লাখ চাকৰি সৃষ্টি কৰাৰো গেৰাণ্টি দিছে।

কংগ্ৰেছ চৰকাৰে খালী হৈ থকা পদবোৰ পূৰণ কৰিব। অসম চৰকাৰৰ বহু পদ খালী হৈ আছে। তাৰপিছত প্ৰশাসন ব্যৱস্থাত সৃষ্টি হোৱা খালী ঠাই পূৰণ কৰিবলৈ নতুন পদ সৃষ্টি কৰা হ’ব। অসমত আজি শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক, চিকিৎসা কৰ্মচাৰী, বান সাহায্য কৰ্মচাৰী আৰু সেইজাতীয় পদসমূহত উপযুক্ত লোকৰ তীব্ৰ অভাৱ দেখা গৈছে। কেৱল নতুন চাকৰি সৃষ্টি কৰিব লাগে বুলিয়েই এই নতুন পদবোৰ সৃষ্টি কৰা নহ’ব, বৰং প্ৰশাসন ব্যৱস্থাত সৃষ্টি হোৱা সুৰুঙাসমূহ মাৰিবলৈহে আৰু অসমৰ সমূহ জনসাধাৰণৰ জীৱন উন্নত কৰিবলৈহে এই নতুন পদবোৰ সৃষ্টি কৰা হব। গতিকে ৰাজ্যখনৰ আৰু ৰাজ্যখনৰ অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে আৰু ইয়াক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে কংগ্ৰেছে কৰা পৰিকল্পনাৰ কেন্দ্ৰত অৱস্থান কৰিছে এই পাঁচ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিয়ে।

নিশ্চয় নহয়! সেইকাৰণেই কংগ্ৰেছে ব্যক্তিগত খণ্ডত ন্যূনতম পঁচিশ লাখ চাকৰি সৃষ্টি কৰাৰ গেৰাণ্টি দিছে।

কংগ্ৰেছ দলে ২০২১ চনত বৰ্তি থকা অসমৰ অৰ্থনৈতিক অৱস্থা অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হৈছে যে ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ চাকৰি সৃষ্টিৰ বিশাল সম্ভাৱনা এতিয়াও কামত নলগোৱাকৈ পৰি আছে। সম্প্ৰতি, অসমত ব্যক্তিগত খণ্ড বুলিলে হয় সেইবোৰ অসমীয়া কোম্পানী থাকে যিবোৰৰ বিভিন্ন অসুবিধাৰ বাবে শ্ৰীবৃদ্ধি হ’ব নোৱাৰে আৰু থাকে বাহিৰৰপৰা অহা সেইবোৰ কোম্পানী যিবোৰে অসমৰ সম্পদৰ অবাধ লুণ্ঠন কৰে ঠিকেই, কিন্তু বিনিময়ত তেনেই নগণ্য সংখ্যক চাকৰি সৃষ্টি কৰে। আসন্ন কংগ্ৰেছ চৰকাৰে স্থানীয় ষ্টাৰ্ট-আপত উদগণি দিব, অসমীয়া ষ্টাৰ্ট-আপৰ উত্থানত সহায় কৰিব, আৰু এনেকুৱা এটা নীতি হাতত ল’ব যাৰদ্বাৰা অসমত কাম চলোৱা আটাইবোৰ কোম্পানীকে ইবিলাকৰ অসমভিত্তিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰীৰ আশী শতাংশ স্থানীয়ভাৱে ল’বলৈ বাধ্য কৰোৱা হ’ব। লগতে, চৰকাৰী ঠিকাৰ মূল্যৰ হিচাপত অতি কমেও পঞ্চাশ শতাংশ যাব অসমীয়া কোম্পানীলৈ। তাৰবাবে এখন আইন প্ৰণয়ন কৰা হ’ব। আমি গেৰাণ্টি দিলো!

নহয়, আনবোৰ দলৰ দৰে আপুনি আমাকো ভুল নুবুজিব।

আমি সকলোকে, ৰাজহুৱা বা ব্যক্তিগত খণ্ডত, এটা চাকৰি যোগাৰ কৰি দিবলৈ চেষ্টা কৰিম, আনকি যিসকলৰ কোনো ডিগ্ৰী নাই তেওঁলোককো।

কংগ্ৰেছ চৰকাৰে কৰ্মসংস্থান সৃষ্টি মন্ত্ৰ্যালয় নামেৰে এটা নতুন মন্ত্ৰ্যালয় গঢ়ি তুলিব। আপুনি যদি এটা চাকৰি পাবলৈ সক্ষম হোৱা নাই, তেন্তে সংশ্লিষ্ট মন্ত্ৰীগৰাকীৰপৰা তাৰ উত্তৰ বিচাৰক!

কংগ্ৰেছ দলৰ ৫ গেৰাণ্টি

কংগ্ৰেছে অসমৰ প্ৰগতিৰ গেৰাণ্টি লৈছে আৰু দেখুৱাব কেনেকৈ এই কাম কৰা হয়। কংগ্ৰেছ দলৰ ৫ গেৰাণ্টি হল এটা আশ্বাস যি অসমক আকৌ আনিব উন্নয়ন, বিকাশ, সম্প্ৰীতি আৰু প্ৰগতিৰ পথলৈ।

কা বাতিল কৰাৰ গেৰাণ্টি

কা বাতিল কৰাৰ গেৰাণ্টি

আমি অসম বিধানসভাত এখন আইনৰ গেৰাণ্টি দিছোঁ যিখনে কা-ক অকামিলা কৰিব।

৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি

৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি

কংগ্ৰেছে অতিৰিক্ত ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি দিছে।
সম্প্ৰতি অসম চৰকাৰৰ আছে ৫ লাখ কৰ্মচাৰী আৰু আমি এই সংখ্যাটো দুগুণ কৰিম আমাৰ কাৰ্যকালৰ ৫ বছৰত অতিৰিক্ত ৫ লাখ চাকৰিৰ ব্যৱস্থা কৰি (প্ৰতি বছৰে ১ লাখ নতুন চৰকাৰী চাকৰি)।
আমি লগতে গেৰাণ্টি দিছোঁ ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰিৰ

চাহ বাগিচাৰ শ্ৰমিকসকলক ৩৬৫/- টকাৰ দৈনিক মজুৰি দিয়াৰ গেৰাণ্টি

চাহ বাগিচাৰ শ্ৰমিকসকলক ৩৬৫/- টকাৰ দৈনিক মজুৰি দিয়াৰ গেৰাণ্টি

কংগ্ৰেছ ক্ষমতালৈ অহাৰ ৩০ দিনৰ ভিতৰতে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫/- টকালৈ বঢ়োৱাৰ গেৰাণ্টি দিছে।

প্ৰতিখন ঘৰলৈ প্ৰতিমাহে বিনামূলীয়াকৈ ২০০ ইউনিট বিজুলী যোগানৰ গেৰাণ্টি

প্ৰতিখন ঘৰলৈ প্ৰতিমাহে বিনামূলীয়াকৈ ২০০ ইউনিট বিজুলী যোগানৰ গেৰাণ্টি

কংগ্ৰেছ প্ৰতিখন ঘৰলৈ প্ৰতিমাহে ২০০ ইউনিটলৈকে খৰচ হোৱা বিজুলী বিনামূলীয়াকৈ দিবলৈ গেৰাণ্টি দিছে। ই মূল্যবৃদ্ধিত জীয়াতু ভোগা ৰাইজক কিছু পৰিমাণে সকাহ দিব।

সন্মানৰ চিন স্বৰূপে গৃহিণীসকলক প্ৰতিমাহে ২,০০০/- টকাকৈ দিয়াৰ গেৰাণ্টি

সন্মানৰ চিন স্বৰূপে গৃহিণীসকলক প্ৰতিমাহে ২,০০০/- টকাকৈ দিয়াৰ গেৰাণ্টি

কংগ্ৰেছে প্ৰতিগৰাকী গৃহিণীক তেওঁলোকৰ ত্যাগৰ প্ৰতি যথাযথ সন্মানৰ চিন স্বৰূপে মাহিলী ২,০০০/- টকাকৈ দিয়াৰ গেৰাণ্টি দিছে।

English