কা বাতিলৰ গেৰাণ্টি

কা বাতিলৰ গেৰাণ্টি

৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি

৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি

২০০ ইউনিটলৈ মাহিলী বিনামূলীয়া বিজুলীৰ গেৰাণ্টি

২০০ ইউনিটলৈ মাহিলী বিনামূলীয়া বিজুলীৰ গেৰাণ্টি

চাহ শ্ৰমিকক ৩৬৫ টকা দৈনিক মজুৰিৰ গেৰাণ্টি

চাহ শ্ৰমিকক ৩৬৫ টকা দৈনিক মজুৰিৰ গেৰাণ্টি

২০০০ টকাকৈ মাহে গৃহিণীলৈ গেৰাণ্টি

২০০০ টকাকৈ মাহে গৃহিণীলৈ গেৰাণ্টি

ইস্তাহাৰ ডাউনলোড কৰক - ২০২১

অসমৰ জন ইস্তাহাৰ - ২০২১

উল্লেখযোগ্য ঘোষণাসমূহ
Assam Jan Manifesto 2021 Key • মহিলা গোটবোৰে মাইক্ৰ'ফাইনেঞ্চৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ'ব।
Assam Jan Manifesto 2021 Key • প্ৰকৃত শিপিনীক বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়ত।
Assam Jan Manifesto 2021 Key • কৃষকৰ সমুদায় কৃষিঋণ মাফ কৰি দিয়া হ'ব।
Assam Jan Manifesto 2021 Key • কাছাৰ কাগজ কল আৰু জাগীৰোডত অৱস্থিত নগাঁও কাগজ কল পুনৰ মুকলি কৰাৰ বাবে ক্ষিপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Assam Jan Manifesto 2021 Key • অসম আন্দোলন, ভাষা আন্দোলন, কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেন্সন প্ৰদান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • শিলচৰ ৰে'লৱে ষ্টেচনৰ প্ৰস্তাৱিত 'ভাষা শহিদ ষ্টেশন, শিলচৰ' নামকৰণ সম্পন্ন কৰা হ'ব।
Assam Jan Manifesto 2021 Key • চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ'ব।
Assam Jan Manifesto 2021 Key • প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব ।
Assam Jan Manifesto 2021 Key • পঞ্চাশ বছৰ সম্পূৰ্ণ কৰা নামঘৰ, মন্দিৰ, মছজিদ, গিৰ্জা, দৰগাহ, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • বৰ্তমান অনুসূচিত জাতি-জনজাতিৰ তালিকাভুক্ত হৈ থকা জনগোষ্ঠীসমূহৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠী টাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব।
Assam Jan Manifesto 2021 Key • চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব।
Assam Jan Manifesto 2021 Key • সকলো শ্ৰেণীৰ শিল্পী, কলা-কুশলীক ক'ৰোনা কালত হোৱা তেওঁলোকৰ ক্ষতিৰ জোৰা মাৰিবলৈ এক কৰপাছ ফাণ্ড গঠন কৰা হ'ব।
Assam Jan Manifesto 2021 Key • প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা-সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ'ব।
Assam Jan Manifesto 2021 Key • প্ৰতিখন জিলাত একোখনকৈ গো-শালা প্ৰতিষ্ঠা কৰা হ'ব।
Assam Jan Manifesto 2021 Key • সংগঠিত আৰু অসংগঠিত খণ্ডৰ লোকসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ 'আদৰ্শ স্বাস্থ্য বীমা'ৰ নীতি প্ৰস্তুত কৰা হ'ব।
Assam Jan Manifesto 2021 Key • অধিবক্তাসকলৰ কল্যাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰপাছ ফাণ্ডৰ নামত ঘোষণা কৰা পাঁচ কোটি টকা বৃদ্ধি, কাৰ্যকৰী কৰা হ'ব।
Assam Jan Manifesto 2021 Key • প্ৰতিবছৰে অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া ৰাধাগোবিন্দ বৰুৱাৰ নামত একোগৰাকী বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • 'মিছন সেউজ অসম'ৰ অধীনত অহা ৫ বছৰৰ ভিতৰত অসমৰ সেউজ ভূমি ১৫ শতাংশ বৃদ্ধি কৰা হ'ব।
Assam Jan Manifesto 2021 Key • নগৰৰ দৰিদ্ৰ বস্তি অঞ্চলত আৰু গাঁৱৰ হাট-বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয়(ক্লিনিক) আৰম্ভ কৰা হ'ব।
Assam Jan Manifesto 2021 Key • কোচবিহাৰত অৱস্থিত মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে বিশেষ পুঁজিৰ যোগান ধৰা হ'ব।
Assam Jan Manifesto 2021 Key • ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হকৰ স্মৃতিত এক শৈক্ষিক বৃত্তি প্ৰদান কৰা হ'ব।
Assam Jan Manifesto 2021 Key • অসম অলিম্পিকৰ অন্তৰ্গত সমূহ খেলক লৈ প্ৰতিবছৰে ৰাজ্যিক অলিম্পিক অনুষ্ঠিত কৰা হ'ব।
Assam Jan Manifesto 2021 Key • অম্বুবাচী মেলাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Assam Jan Manifesto 2021 Key • 'আমাৰ পাকঘৰ আঁচনি'ৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে ১০ টকাত দুপৰীয়াৰ আহাৰ।
Assam Jan Manifesto 2021 Key • প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য ২৫০০ টকা কৰা হ'ব আৰু এয়া কাৰ্যকৰী কৰিবলৈ বিহিত ব্যৱস্থা হাতত লোৱা হ'ব।
English